চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কলকাতা চহৰৰ আৰ.জি.কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসক ধৰ্ষণ- হত্যাৰ গোচৰে সমগ্র দেশক জোঁকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়, মহাবিদ্যালয়ৰ সমান্তৰালভাৱে অসমৰো বিভিন্ন চিকিৎসালয় তথা মহাবিদ্যালয় সমূহত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আনহাতে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নেতৃত্বত যোৱা ১৪ আগষ্টৰ সন্ধিয়া এটি শান্তি সমদল উলিওৱা হয়। তেনেদৰে ৰবিবাৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ বহিঃবিভাগ সাময়িক ভাবে বৰ্জন কৰি কৰ্মবিৰতি পালনৰে কলকাতাৰ তৰুণী চিকিৎসক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।
প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা সকলোৱে ইয়াৰ উচিত তদন্ত আৰু দোষীসকলক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শান্তি বিহিবলৈ চৰকাৰক দাবী জনায়। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ডাঃ মাশ্বুদ আহমেদ আৰু সাধাৰণ সম্পাদক ডাঃ দীপজ্যোতি কলিতাই জানিবলৈ দিয়া মতে সমাজসেৱাত ব্ৰতী চিকিৎসকসকল যদি নিজ কৰ্তব্যস্থলতেই সুৰক্ষিত নহয় তেনেহলে কিদৰে আতুৰ জনতাক নিৰ্ভিকভাবে চিকিৎসা সেৱা আগবঢ়াব সেয়া এক প্ৰশ্নবোধক! অসমৰো বিভিন্ন ঠাইত সময়ে সময়ে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহে, তেনেক্ষেত্ৰত এই ঘটনা সমূহ ৰোধ কৰিবলৈ অসমৰ চুকে-কোণে চিকিৎসা সেৱা আগবঢ়াই থকা প্ৰতিজন চিকিৎসক তথা চিকিৎসাকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায়।