বিলাসীপাৰাত বছৰৰ প্ৰথমটো দিনত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা।
গুণ্ডাৰূপী চিকিৎসক এজনে অগ্নি সংযোগ কৰি জ্বলাই দিলে দৰিদ্ৰ লোক এজনৰ দোকান আৰু ঘৰ |
চহৰখনৰ ৩নং ৱাৰ্ডস্থিত সিদ্ধান্ত ক্লিনিকৰ স্বত্ত্বাধিকাৰী তথা চিকিৎসক ডাঃ বি চি নাথে আজি পুৱাৰ ভাগত এক লোমহৰ্ষক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
সুৰাৰ নিচাত মাতাল হৈ চিকিৎসকজনে ৱাৰ্ডটোত থকা এজন দৰিদ্ৰ লোকৰ ঘৰত আৰু ঘৰটোৰ লগতে থকা তৰ্জাৰ বেৰৰ দোকানত অগ্নিসংযোগ কৰে।
অগ্নিসংযোগৰ ফলত দাউদাউকৈ জ্বলি উঠা জুই অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে যদিও ইতিমধ্যে দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
কেৱল এয়াই নহয় বহু সময় ধৰি চিকিৎসক নাথে এনেধৰণৰ গুণ্ডাগিৰি চলাই অহাত অতীষ্ঠ হৈ পৰিছিল একাংশ লোকে।
নৱবৰ্ষৰ প্ৰথমটো দিনত চিকিৎসকজনৰ এনে কৰ্মকাণ্ডত জাঙুৰ খাই উঠে একাংশ লোক।
চিকিৎসকজনৰ কাৰ্যত ক্ষুদ্ধ হৈ পৰা লোক একাংশই প্ৰত্যাক্ৰমণ চলাই চিকিৎসকজনৰ বাসগৃহত।
চিকিৎসকজনৰ ঘৰৰ চৌহদ আৰু দেৱালৰ লগতে বাহনটো চলাই আক্ৰমণ।
ফলত সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হয় সকলো।
ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজৰ দাবী ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসক নাথক গ্ৰেপ্তাৰ কৰিব লাগে।
ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
Photo: Headline8