গোৱালপাৰা চহৰত চৰকাৰী ভূমিত থকা ৬ জোপা মূল্যবান চেগুন গছ স্থানীয় একাংশ লোকে কাটিব বিচাৰি জিলা বন বিভাগক আবেদন জনোৱাক লৈ প্ৰকৃতি প্ৰেমীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। শেহতীয়াভাৱে অমল মেধী নামৰ এগৰাকী স্থানীয় প্ৰকৃতি প্ৰেমীয়ে গছ কটাৰ আবেদনৰ বিপৰীতে গছ কটাত বাধা আৰোপ কৰাৰ লগতে গছকেইজোপা সংৰক্ষণৰ বাবে জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ ওচৰত দাবী জানাইছে ।
যোৱা ২৩ জুনত দাখিল কৰা আবেদনখনত প্ৰকৃতি প্ৰেমী অমল মেধিয়ে উল্লেখ কৰা মতে, প্ৰতিবছৰে পাঁচ জুনত বিশ্ব পৰিৱেশ দিৱস পাতি সমগ্ৰ বিশ্বই পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি বৃক্ষ ৰোপন কৰি আহিছে। বিভাগ তথা অসম চৰকাৰেও কোটি কোটি চৰকাৰী ধন খৰচ কৰি বিভিন্ন এন জি অ’ৰ জৰিয়তে গছ সংৰক্ষণৰ লগতে গছ ৰোপন কৰাৰ জন জাগৰণ সৃষ্টি কৰি পৰিৱেশ ৰক্ষাৰ বাবে উঠিপৰি লাগিছে।
এনে সময়তে এচাম অপ্রকৃতি প্ৰেমী তথা দায়িত্ব জ্ঞানহীন লোকে গোৱালপাৰা চহৰৰ গীতা নগৰ(৭ নং ৱাৰ্ড)ৰ লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ দাঁতিৰ খালী ঠাইত লহপহকৈ থকা ৬ জোপা চেগুণ গছ কোনো কাৰণ নোহোৱাকৈ অকল টকা সংগ্ৰহৰ বাবে অন্যায়ভাৱে কাটি বিক্ৰী কৰাৰ অনুমতি বিছাৰি জিলা বন বিভাগক আবেদন কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ ধ্বংসৰ এই অনৈতিক কাৰ্যৰ বাবে উদ্বিগ্ন হৈ পৰা স্থানীয় সচেতন যুৱক তথা প্রকৃতি প্রেমী হিচাপে এই গছ কটা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি অমল মেধিয়ে গছ কেইজোপাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আবেদনখনত সজোৰ দাবী জনাইছে। তেওঁ আৰু উল্লেখ কৰে যে, অকল টকা সংগ্ৰহৰ কাৰণে গছ কটা কার্যক বন বিভাগে যদি উৎসাহিত কৰে তেন্তে অসম এদিন মৰুভূমিত পৰিণত হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আবেদনখনত।
গছকেইজোপাৰ সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা লোৱাৰ বাবে প্ৰকৃতিপ্ৰেমী অমলে বুধবাৰে পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে বন বিভাগক দাবী জনাইছে। তেওঁ সংবাদ মাধ্যমক জানিব দিয়া মতে ৰাস্তাৰ দাঁতিত থকা এই গছকেজোপাত দীৰ্ঘদিন ধৰি বিভিন্ন থলুৱা চৰাই-চিৰিকিতিয়ে বাহ সাজি আশ্ৰয় লৈ আহিছে। তদুপৰি একালৰ গছ-গছনীৰে ভৰপুৰ গীতা নগৰত বৰ্তমান গছ বুলিবলৈ এই ছয় জোপা গছ-গছনিৰ ছাঁৰ তলতে গ্ৰীষ্মকালীন বাটৰুৱাই জিৰণী লোৱা একমাত্ৰ স্থান।গছকেইজোপা কাটি ধ্বংস হ’লে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ দাবী কৰিছে।