• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক’

নিউজ ডেস্ক by নিউজ ডেস্ক
November 14, 2022
in অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
‘খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক’
Share on FacebookShare on Twitter

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ গ্ৰহণ কৰাৰে পৰা দেশৰ কৃষক সকলৰ উৎপাদন আৰু আয় বৃদ্ধিৰ বাবে কৃষিত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা, কম মাটিত, কম মূলধন আৰু কম সময়ত একেডৰা মাটিত বিজ্ঞানসন্মতভাবে কেবাটাও খেতি কৰি কৃষকে অধিক ধন উপাৰ্জন কৰা আদি ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আনকি ২০১৬ আৰু ২০২১ চনত অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্হিত কৃষিক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ আৰু কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

আজি সমষ্টিটোৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ গড়গৰাৰ ঢুলঢুলী পথাৰত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ ( চি এম এছ জি ইউ ওৱাই ) অধীনত স্থানীয় কৃষকক লৈ গঠন কৰা পখিলা ফাৰ্মাৰ প্ৰদুচিয়াৰ কোম্পানীয়ে ৮০ শতাংশ ৰাজসাহায্যত লাভ কৰা ধান কটা আৰু মৰণা মৰা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰচালিত কম্বাইন হাৰ্বেষ্টিং বাহন উদ্ধোধন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিধায়ক কলিতাই উপস্থিত কৃষক সকলক সম্বোধন কৰি কয় আপোনালোকে পথাৰত বছৰেকত এটা খেতি কৰি বা বহি থাকি মাটি এনেয়ে চন পেলাই নাৰাখিব। তাতকৈ সকলোৱে লগ হৈ সমবায় ভিত্তিত সেই মাটিত বিজ্ঞানসন্মত ভাৱে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰে কেবাটাও খেতি কৰক। দেখিব আকাশৰ পৰা টকা উৰি আহি আপোনাৰ হাতত পৰিছে। এই কম্বাইন হাৰ্বেষ্টিং যন্ত্ৰৰ সহায়ত যিহেতু এদিনতে ৫০ বিঘাতকৈ অধিক মাটিৰ ধান কম খৰছ, কম সময়ৰ ভিতৰতে খেতিপথাৰতে কাটি, মৰণা মাৰি ঘৰলৈ নিব পাৰি বাবে এই সুবিধা গ্ৰহণ কৰিবলৈ বিধায়ক কলিতাই আহ্বান জনায়।

বিধায়ক কলিতাই ৰাণীৰ কৃষি পথাৰত পানী যোগান ধৰাৰ বাবে জলসিঞ্চন বিভাগৰ জৰিয়তে ২৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা, কোনো ধৰণৰ মধ্যভোগী নোহোৱাকৈ কৃষকৰ পৰা চৰকাৰে পোনপটীয়াকৈ প্ৰতি কুইণ্টলত ২,০৫০ টকাকৈ ধান ক্ৰয় কৰা আদি বিভিন্নজনে বিষয়ত আলোকপাত কৰে। আনহাতে কোম্পানীৰ সঞ্চালক ফুলেন চন্দ্ৰ দাসে সঞ্চালনা কৰা সভাত ৰাণী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৰ্ণালী মেধিয়ে কম্বাইন হাৰ্বেষ্টিং যন্ত্ৰৰ উপকাৰীতা, আৰ্থিক লাভালাভৰ দিশ আদিৰ ওপৰত আলোকপাত কৰে। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা, কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, দক্ষিণ ভোলাগাওঁ আঞ্চলিক সমিতিৰ সভাপতি কন্দৰ্প ৰাভা, কাৰ্যকৰী সভাপতি জয়ন্ত কলিতা, উত্তৰ ভোলাগাওঁ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু কলিতা, গাঁওপ্ৰধান ক্ৰমে ধীৰেণ পাঠক, গুণ ডাকুৱা, অমৰেন্দ্ৰ পাটোৱাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক আৰু ডেৰ শতাধিক কৃষক উপস্থিত থাকে। সভাৰ আঁত ধৰে কোম্পানীৰ কৰ্মকর্তা কনক কলিতাই। সভাৰ পাছত কাষৰীয়া গোৱালহাটী পথাৰত কম্বাইন হাৰ্বেষ্টিং বাহন খনৰ সহায়ত ধান কটা আৰু মৰণা মৰা পৰ্বৰ শুভাৰম্ভ কৰা হয়।

Previous Post

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অঘটন! মিজোৰামত মাটিৰ তলত জীৱন্তে পোত গ’ল প্ৰায় ১২ জন

অঘটন! মিজোৰামত মাটিৰ তলত জীৱন্তে পোত গ'ল প্ৰায় ১২ জন

মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ

মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8