গুৱাহাটী বিশ্ববিদ্যালয় NSS কোষৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদত ১৬ আগষ্টত অসম আৰ্হিৰ চেমিনাৰ হলত ‘নিচা মুক্ত ভাৰত অভিযান’ৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কাৰ্যসূচী উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে- সমাজৰ পৰা মাদক দ্ৰব্যৰ অপব্যৱহাৰ, সুৰা নিৰ্মূল কৰিবলৈ সকলো যুৱক-যুৱতী আগবাঢ়ি আহিব লাগিব।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক নিছাৰ আহমেদ বৰুৱাই ভাগ লৈ ‘কেন্দ্ৰীয় বাজেট আৰু যুৱক-যুৱতীসকলৰ ভূমিকা’ বিষয়ক এক বক্তৃতা প্ৰদান কৰে। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাইনা ভট্টাচাৰ্যই ড্ৰাগছ এবিউজ, এলক’হল আৰু সকলো নিচাৰ কুপ্ৰভাৱৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰি উল্লেখ কৰে যে ড্ৰাগছ সেৱনমুক্ত সমাজ গঢ়ি তোলাত যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি ব্যক্ত কৰে।
অনুষ্ঠানত উপস্থিত থকা সকলো অংশগ্ৰহণকাৰীয়ে নিচাযুক্ত দ্ৰব্য পৰা আঁতৰি থাকিবলৈ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ শপত গ্ৰহণ কৰে কৰে। কাৰ্যসূচীত প্ৰায় ১০০ স্বেচ্ছাসেৱকে ভাগ লয়।