নিউজ ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ ৩টা কেন্দ্ৰত আজি ক’ভিড প্ৰতিষেধক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান কাৰ্যসূচী সম্পন্ন কৰা হয় ৷
প্ৰতিটো কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ বাবে ২৫ জনকৈ হিতাধিকাৰী বাচনি কৰা হয় ৷
গুৱাহাটীৰ ধীৰেনপাৰা এফ আৰ ইউ,নটবমা পি এইচ চি আৰু আঠগাঁৱৰ মাৰোৱাৰী হাস্পতালত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় এই কাৰ্যসূচী ৷
ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালক মনীন্দ্ৰ নাথ নাগটে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা, সাৰ্বজনীন প্ৰতিষেধক আঁচনিৰ যুটীয়া সঞ্চালিকা ডা° বিনীতা গোস্বামী, ৰাজ্যিক শীতলীকৰণ বিষয়া বিমান চৌধুৰী আৰু জিলা প্ৰতিষেধক বিষয়া ডা° ভৱেন্দ্ৰ কুমাৰ দাসৰ নেতৃত্বত সম্পন্ন হয় ড্ৰাই ৰান কাৰ্যসূচী ৷
অনুশীলনৰ সময়ত কেন্দ্ৰকেইটাত উপস্থিত থাকে ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা তথ্য প্ৰৱন্ধক, জিলা নগৰ স্বাস্থ্য সমন্বয়ক, জিলা সমন্বয়ক আৰু সহকাৰী তথ্য প্ৰৱন্ধক ৷
ইয়াৰ পূৰ্বে ২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক পশু চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত প্ৰথম পৰ্যায়ৰ ড্ৰাই ৰান সফলতাৰে সম্পন্ন হৈ যায় ৷
প্ৰকৃত প্ৰতিষেধক প্ৰদানৰ বাদে আন সকলো প্ৰক্ৰিয়া ড্ৰাই ৰানৰ সময়ত পালন কৰা হয় ৷
ক’ভিড ভেকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ লগে লগে সকলো লোককে যাতে কোনোধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰতিষেধক প্ৰদান কৰিব পাৰে সেই লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰালয়ে এই ড্ৰাই ৰান কাৰ্যসূচী হাতত লৈছে ৷
photo credit: Indrajit Das