আহক, সহজলভ্য উপকৰণেৰে সাধাৰণভাৱে ঘৰতে ৰান্ধি পৰিয়ালৰ লগত বছৰৰ অন্তিম দিনটো উপভোগ কৰো
কোমোৰাৰ সৈতে হাঁহৰ মাংস
হাঁহ- এটা
জহা কোমোৰা- সৰু এটা
আলু- মজলীয়া আকাৰৰ দুটা
পিয়াজ- মজলীয়া ৪-৫ টা
নিমখ- সোৱাদ অনুযায়ী
হালধি- সৰু চামুচেৰে এচামুচ
জিৰা গুৰি- সোৱাদ অনুযায়ী
জলকীয়া গুৰি- সোৱাদ অনুযায়ী
ধনিয়া গুৰি- সোৱাদ অনুযায়ী
গৰম মচলা- সোৱাদ অনুযায়ী
আদা-নহৰু পেষ্ট- ৩ চামুচ
তেজপাত- দুখিলা
তেল- ৪ টেবল চামুচ
জিৰা ধনিয়া গৰম মচলা সকলো গোটাই লৈ তাৱাত ভাজি পিচি লব।
ৰন্ধনপ্ৰণালী
প্রথমে কেৰাহিত তেল গৰম কৰি আলু ২ টা ৪ফাল কৰি ভাজি লব। ৰঙচুৱা হলেই কাঢ়ি সেই তেলতেই তেজপাত আৰু গোটা গৰম মচলা খিনি দি হাঁহৰ মাংস খিনি দি ভাজিব। ভালদৰে ভজাৰ পাছত পিয়াজখিনি দি অলপ লৰাই থাকিব। তাৰপাছত নিমখ, হালধি, জিৰা, জলকীয়া, ধনিয়া, গৰম মচলা মিক্স কৰি মাংসখিনিত দিব, লগতে দুটা কেঁচা জলকীয়াও ফালি দিব পাৰে। যেতিয়া পিয়াজ আৰু মচলা খিনি থুপথুপীয়া হ’ব আৰু তেল এৰিব তেতিয়া জহা কোমোৰা খিনি দিব। অলপ সময় ভজাৰ পাছত পানী দি উতলাই ঢাকোন দি অলপ সময় ৰাখিব। ইয়াৰ পিছত ভাজি থোৱা আলু খিনি দি অলপ লৰাই দিব। সকলোবোৰ সিজিলে আৰু পানী কমি আহিলেই গেছ অফ কৰি দিব। শেষত মান ধনিয়া ওপৰত দি গৰমে গৰমে পৰিবেশন কৰিব।