৯ দিন উকলি যোৱাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৭ অপহৰণকাৰীক।
এই ঘটনা দুধনৈৰ। ৭ অপহৰণকাৰীৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৰণ কাণ্ডত ব্যৱহৃত গাড়ী আৰু অপহৃত লোকজনক।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ২৯ জানুৱাৰীত গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত দলগোমাৰ পৰা নজৰুল ইছলাম নামৰ এগৰাকী কয়লা ব্যৱসায়ীক কেইজনমান লোকে নিশা অপহৰণ কৰিছিল।
অপহৰণকাৰীয়ে ব্যৱসায়ীজনৰ মুক্তিপণ হিচাপে ১ কোটি টকা দাবী কৰিছিল পৰিয়ালৰ লোকক।
তাৰ পিছতে গোৱালপাৰা আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত তালাচী অভিযান আৰম্ভ কৰি প্ৰথমতে চিৰাঙৰ পৰা দুজনক আটক কৰে।
ধৃত লোক দুজনৰ সোধা-পোছা কৰি পুনৰ ৩জন লোকক গ্ৰেপ্তাৰ কৰি অপহৃত কয়লা ব্যৱসায়ীজনৰ গাড়ী চিৰাঙৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইয়াৰ পিছতে মেঘালয়ৰ বাজেংডোবা, মেন্দিপথাৰ আদি অঞ্চলত অভিযান ক্ষীপ্ৰ কৰি তোলাৰ ফলত চলিত বৰ্ষৰ ৭ জানুৱাৰীৰ পুৱা অপহৃত নজৰুল ইছলামক সুস্থ শৰীৰে মেঘালয়ৰ বাজেংডোবাৰ ঘন জংগলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
অপহৰণ কাণ্ডৰ লগত জড়িত থকা লোসকল চিৰাং জিলা, কামৰূপ (গ্ৰাঃ)জিলাৰ লগতে গোৱালপাৰা জিলাৰ উগ্ৰপন্থী সংঘঠন এন ডি এফ বিৰ সৈতে জড়িত বুলি গোৱালপাৰা জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
Photo: Headline8