বিশ্বৰ অন্যতম বৃহৎ শক্তিশালী সেনা বাহিনী হিচাপে পৰিচিত হৈ অহা ভাৰতীয় সেনাত অসমীয়া বিষয়াৰ সংখ্যা তেনেই বহু কম। ইয়াৰ মূল কাৰণ হল সজাগতাৰ অভাৱ। এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মূৰব্বী লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ। ২১ নবেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা এই মাহৰ অতিথি অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। অনুষ্ঠানত জেনেৰেল কলিতাই আক্ষেপ প্ৰকাশ কৰি কয় – ৰাজ্যৰ বহু শিক্ষিত যুৱক – যুৱতী বা অভিভাৱকেও ভালকৈ নাজানে কি ডিগ্ৰী অৰ্জন কৰিলে ভাৰতীয় সেনাত ভৰ্তিৰ বাবে প্ৰযোজনীয় ইণ্ডিয়ান মিলিটেৰী একাডেমী , নেশ্যনেল ডিফেন্স একাডেমী আদিত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা – শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ কেনেকৈ উত্তীৰ্ণ হব পাৰি । তাৰ পৰা উত্তীৰ্ণ হোৱা জনেহে ভাৰতীয় সেনাত কমিচনড বিষয়া হব পাৰে। ইফালে চুবুৰীয়া দেশ ম্যানমাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জেনেৰেল কলিতাই কয় – ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত বিগত কেবামাহ ধৰি যিবোৰ ঘটনা ঘটি আছে সেয়া ভাৰতৰ বাবেই খুবেই উদ্বেগজনক। ভাৰত চৰকাৰে বিষয়টোত চকু ৰাখিছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ম্যানমাৰ সীমান্তত কাটাতাঁৰৰ বেৰ দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। ম্যানমাৰত চলি থকা গৃহযুদ্ধৰ প্রভাব উত্তৰ পূবৰ কেবাখনো ৰাজ্যত পৰিছে । দেশখনৰ বহু বিদ্রোহী সেনাই ম্যানমাৰৰ পৰা পলাই আহি আমাৰ দেশত আশ্রয় ল’বলগীয়া হৈছে। ম্যানমাৰ সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত থকা গৃহ মন্ত্ৰণালয়ৰ অধীনৰ অসম ৰাইফলছে বিষয়টোত সতৰ্ক দৃষ্টি ৰাখিছে। গৃহ মন্ত্রণালয়ে ম্যানমাৰ সীমান্তত ভাৰতৰ সৈতে থকা প্ৰায় ১,৬২৫ কিলোমিটাৰ অংশৰ বেছিভাগতে কাটাতাঁৰৰ বেৰ দিয়াৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত বিগত সময়চোৱাত ১৬ কিলোমিটাৰ অংশত বেৰ দিয়া কাম সম্পূর্ণ কৰা হৈছে। সীমান্তৰে সোণালী ত্রিভুজ হিচাপে পৰিচিত অঞ্চলৰে ড্ৰাগছ মণিপুৰ হৈ উত্তৰ-পূবলৈ সৰবৰাহ কৰা বিষয়টোত সেনাই সতৰ্ক দৃষ্টি ৰাখিছে। কিন্তু বৰ্তমানৰ দুৰ্গম ভৌগোলিক পৰিস্থিতিৰ বাবে অসম ৰাইফলছে সীমান্তত ভালকৈ দৃষ্টি দিব নোৱাৰাৰ বাবেই ড্ৰাগছৰ সৰবৰাহ হৈ আহিছে। যিটো দেশৰ বাবে উদ্বেগজনক, তেনেদৰে কাশ্মীৰৰ লাডাখৰ পৰা
অৰুণাচল প্রদেশলৈকে চীন সীমান্তই সদায় ভাৰতৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। কিন্তু ভৌগোলিকভারে চীন সদায় ভাৰততকৈ অধিক সুবিধাজনক স্থিতিত আছে। কিয়নো তেওঁলোকৰ ফালে সীমান্তৰ অঞ্চলসমূহ এঢলীয়া বা সমতল হোৱাৰ বিপৰীতে আমাৰ ভাৰতৰ দিশত বেছিভাগ সীমান্তৱৰ্তী অঞ্চল থিয় পর্বতমালাৰে আবৃত । চীনৰ সৈতে মোকাবিলা কৰিবলৈ বিগত এটা দশকত ভাৰতে আন্তঃগাথনি বহুখিনী শক্তিশালী কৰিছে। নির্মাণ কৰা হৈছে পথ, দলং, সুৰংগ , হেলিপেডকে ধৰি বহু নতুন নতুন আন্তঃগাথনি। অৱশ্যে ভৌগোলিক দিশত চীন দেশ শক্তিশালী স্থিতিত থকা বাবে তেওঁলোকে বহু আগতেই সীমান্তত আন্তঃ গাথনিৰ কাম সম্পূর্ণ কৰিছে। কিন্তু চীনৰ সৈতে থকা ভাৰতৰ সীমা সমস্যাৰ যেতিয়ালৈকে স্থায়ী সমাধান নহয় তেতিয়ালৈকে ভাৰতৰ প্ৰতি চীনৰ ফালৰ পৰা ভাবুকি থাকিব। এই ভাবুকিক যিকোনো প্ৰকাৰে প্রতিহিত কৰিবলৈ ভাৰতীয় সেনা সদা সম্ভ্রম হৈ আছে আৰু এই ভাবুকিক মোকাবিলা কৰিবৰ বাবে চীন সীমান্তৰ লাডাখৰ পৰা উত্তৰাখণ্ড, ছিকিম হৈ অৰুণাচল প্রদেশলৈকে আন্তঃগাথনি শক্তিশালী কৰা হৈছে।
বর্তমান ডোকলাম সদৃশ পৰিস্থিতিৰ যাতে চীনে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেও সেনা সম্পূর্ণ সষ্টম হৈ আছে। মণিপুৰত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান কেতিয়া ঘটিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জেনেৰেল কলিতাই কয় এইটো অতি দুখৰ কথা যে প্রায় সাত মাহ ধৰি ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাট চলি আছে। ইয়াৰ ফলত দুয়োটা জনগোষ্ঠীৰে ধন-জন, সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ সাধন হৈছে। আনকি আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ পৰা উগ্রপন্থী আৰু দুষ্কৃতিকাৰীয়েও প্রায় পাঁচ হাজাৰ বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্র লুট কৰি লৈ গৈছে। ইয়াৰ মাত্ৰ ডেৰ হাজাৰ মানহে উদ্ধাৰ হৈছে। দুয়োটা জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বিশ্বাস সদ্ভাৱ ঘুৰি নহালৈকে ৰাজ্যখনত স্থায়ী শান্তি প্রতিষ্ঠা কৰাটো সম্ভৱ নহ’ব। সেনা বা নিৰাপত্তা বাহিনীয়ে মাথো সাময়িকভাবেহে আইন-শৃংখলা নিয়ন্ত্রণ কৰিব পাৰে। ইফালে সেনাত ভর্তি হ’বলৈ কিদৰে অনুপ্ৰেৰণা লাভ কৰিছিল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জেনেৰেল কলিতাই কয় আমাৰ আচল ঘৰ ৰঙিয়াত যদিও দেউতা তামুলপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক হোৱা হেতুকে আমি তামুলপুৰত পঢ়া-শুনা কৰি ডাঙৰ দীঘল হৈছিলো। আমাৰ ঘৰৰ ওচৰতে থকা নদীখনৰ দাঁতিত আছিল আছিল তামুলপুৰ সেনা চাউনীটো । আৰু তাত সেনা বিষয়া-জোৱান সকলক দিনটো দেখি থাকি সেনাত ভর্তি হ’বলৈ অনুপ্রাণিত হৈছিলো। পিতৃ-মাতৃৰ অনুপ্ৰেৰণা- আশীৰ্বাদত গোৱালপাৰা সৈনিক স্কুলত ১৯৭৩ চনত নামভৰ্তি কৰিছিলো। পৰৱৰ্তী সময়ত নিজৰ ধৈৰ্য্য, একাগ্রতা, কষ্ট আৰু যত্নৰ ফলত আজিৰ অৱস্থাত উপনীত হৈছো। এইক্ষেত্ৰত পিতৃ-মাতৃৰ আশীবাদ, শিক্ষকৰ অনুপ্ৰেৰণা আৰু ভাগ্যয়ো বহুখিনি সহায় কৰিছে। শিশুকালৰ স্মৃতি ৰোমান্থন কৰি জেনেৰেল কলিতাই কয়-আমি পইতা ভাত আৰু আলু পিটিকা খায়েই স্কুললৈ গৈছিলো। যত্ন কৰিলে ৰত্ন পাই আৰু চেষ্টাৰ অসাধ্য একো নাই এই আপ্ত বাক্যশাৰীত বিশ্বাস ৰাখি চলি আহিছে। আনহাতে বর্তমান চলি থকা ৰাছিয়া-ইউক্রেইনৰ আৰু ইজৰাইল-হামাছৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি জেনেৰেল কলিতাই কয়- আজিৰ যুদ্ধ কেৱল সেনাই নকৰে। যুদ্ধ হয় বিজ্ঞান আৰু প্ৰযুক্তি , কাৰিকৰী কৌশলৰ ওপৰত নিৰ্ভৰ কৰি। ইফালে এতিয়া কিছু সংখ্যক যুৱক-যুৱতী আলফালৈ যোৱা সন্দৰ্ভত জেনেৰেল কলিতাই এই বিপথগামী যুৱকসকলৰ প্ৰতি সমাজৰো এক গুৰু দায়িত্ব আছে। জ্যেষ্ঠ সাংবাদিক ৰামানুজ দত্ত চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় উপ সভাপত যতীন ভাগৱতীয়ে। অনুষ্ঠানত নাৰেংগীৰ সেনা চাউনীৰ জি অ চি মেজৰ জেনেৰেল পি এছ যোশী উপস্থিত থাকে।