অসমৰ সবাতোকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহণাৰ প্ৰতিষ্ঠান ডুগডুগীৰ শাখাসমূহ ক্ৰমে নগাঁও, তেজপুৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, গুৱাহাটী আদি বিভিন্ন স্থানত ৰাইজৰ বিপুল জনপ্ৰিয়তা তথা সমাদৰ লাভ কৰা অসমৰ সবাতোকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহণাৰ বাবে বিখ্যাত, ১২ টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগীৰ এটা নতুন শাখা মৰিগাঁও মেইন ৰোড, ঠাকুৰীয়া হাট, কুৱালিটি হোটেলৰ কাষত মুকলি কৰা হৈছে। ডুগডুগীৰ স্বত্বাধিকাৰী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বণিয়াই আঁত ধৰা অনুষ্ঠানত ডুগডুগীৰ এই নতুন শাখাটো মুকলি কৰে জনপ্ৰিয় বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা ডুগডুগীৰ ব্ৰেণ্ড এম্বেচাদৰ গৰিমা শইকীয়া গাৰ্গে লগতে উপস্থিত থাকে বিশিষ্ট ৰূপসজ্জা বিজেয়তা পাটগিৰি, জনপ্ৰিয় সাজ-সজ্জা জুৰি কলিতা, তিৱা স্বায়ত্ব পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাসৰ লগতে বহু বিশিষ্ট গণ্য মান্য ব্যক্তিসকল।
ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই মৰিগাঁৱত মুকলি কৰা ডুগডুগীৰ নতুন শাখাত বিগত ৩০ ছেপ্টেম্বৰৰ লৈকে ডুগডুগীৰ যিকোনো অসমীয়া গহণা ক্ৰয় কৰাৰ ক্ষেত্ৰত ২৫% ৰেহাই থাকিব বুলি জানিবলৈ দিয়ে আৰু লগতে ৰাইজৰ অনুৰোধ মৰ্মে অতি কম দিনৰ ভিতৰতে লক্ষীমপুৰত এটি ডুগডুগীৰ জেমছ এণ্ড জুৱেলাৰীৰ নতুন শাখা মুকলি কৰাৰ কথা প্ৰকাশ কৰে। অসমীয়া গহণাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই যোৱা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই অসমীয়া গহণাৰ আধাৰত ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে। অসমৰ অভিজাত আ-অলংকাৰ তথা অসমীয়া গহণাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ডুগডুগীৰ স্বত্বাধিকাৰী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বণিয়াই সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।