নিউজ ডেস্কঃ আছুৰ প্ৰাক্তন সম্পাদক লুৰিণজ্যোতি গগৈয়ে দুলীয়াজানৰ অধিৱেশনত প্ৰদান কৰা মুকলি ভাষণৰ কিয়দাংশ
*অসমৰ সকলো জাতি জনগোষ্ঠী একলগ হৈ ভৱিষ্যতলৈ আগবাঢ়িব লাগিব
*অসমৰ সকলো শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছো। যি সকলে জাতিটোৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল।
*কোনো অপশক্তিয়ে অসমৰ ঐক্যবদ্ধ জাতি জনগোষ্টীক উৎখাত কৰিব নোৱাৰে তাৰ বাবে সদায় সাজু হৈ থাকিব লাগিব৷
*যিমানে মিঞা সংগ্ৰহালয়, হিন্দু মুছলিমৰ নামত ৰাজনীতি কৰি যাতে খিলঞ্জীয়াৰ শংকৰ-আজানৰ দেশৰ এনাজৰী ডাল ছিঙিব নোৱাৰে তাৰ বাবে একেলগ হৈ আগবাঢ়িব লাগিব৷
*সমাজৰ উন্নতিৰ মূল সমল হ’ল শিক্ষা ব্যৱস্থা, উঠি অহা নাবাপ্ৰজন্মই যাতে অতি উন্নত মানৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আছু সদায় কাম কৰি যাব।
*বৰ্তমানৰ চৰকাৰ খনে বিদেশী প্ৰবজনকাৰীৰ বন্ধ কৰাৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেইয়া আজিও সম্পূৰ্ণ নহল। ভাৰত বাংলাদেশ সীমান্ত আজিও সম্পূৰ্ণৰূপে বন্ধ নহল।
*কি দৰে এখন সম্পূৰ্ণ নিকা বিদেশী মুক্ত নাগৰিকপঞ্জী পাব পাৰি তাৰ বাবে ভৱিষ্যতত চিন্তা চৰ্চা চলি থাকিব৷
*বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ হ’ব লাগে৷
*নৱ প্ৰজন্মক কি দৰে দক্ষতাপূৰ্ণ কৰিব পৰা যায়, কি দৰে নিবনুৱা সমস্য সমাধান কৰিব পৰা যায় তাৰ বাবে ছাত্র সন্থাই চিন্তা কৰি আহিছে আৰু কৰি যাব৷
*নাগৰিকপঞ্জী আইন অসম জাপি দি এচামে খিলঞ্জীয়াৰ অস্তিত্বক বিপদত পেলাইছে।এই আইন প্ৰতিবাদী কাৰ্যসূচীসমূহ কি দৰে ভৱিষ্যতলৈ আগবঢ়াই নিয়া হব তাৰ বাবে পৰিকল্পনা কৰি থকা হৈছে।
*অসম চুক্তিক লৈ যদি দিল্লীয়ে ভেঙুচালি কৰে তেতিয়া তীব্ৰ আন্দোলন কৰা হব৷
*খিলঞ্জীয়া ৰ অস্তিত্ব বজাই ৰাখিবলৈ ছাত্র সন্থা সদায় সংকল্পবদ্ধ৷
*সাম্প্ৰদায়িক ভাব নোহোৱা কৰি সকলো জাতি জনগোষ্ঠী একেলগ হৈ আগুৱাই যাব লাগিব।