পশ্চিম বৰাগাঁওস্থিত ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ প্ৰসংগক লৈ কিয় আজিপৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই গুৱাহাটী পৌৰ নিগমে?
পৌৰ নিগম কৰ্তৃপক্ষই ইতিমধ্যে চন্দ্ৰপুৰ, সোণাপুৰ, পলাশবাৰী, আমিনগাঁও, আদাবাৰী, বশিষ্ঠ এই কেইটাৰ স্থানৰ ভিতৰত যিকোনো এটা স্থানলৈ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমানলৈ মাটি লাভ কৰিবলৈ সক্ষম হোৱা নায়।
বৰ্তমান এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল যে পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ নামত যে চূড়ান্ত মিথ্যাচাৰ কৰিছে সেয়া গুৱাহাটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তথ্য়ত পোহৰলৈ আহিছে।
বিধানসভাত এই বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তথ্য প্ৰকাশ কৰিছিল যে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে GMCৰ কোনো মাটি নায়।
আৰু ইয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক অনুৰোধ জনোৱা হৈছে যে শীঘ্ৰে ভূমি আৱণ্টন কৰক স্থানান্তৰৰ বাবে।
ইফালে মন্ত্ৰীগৰাকীয়ে বিধানসভাত যি তথ্য উল্লেখ কৰিছে সেই তথ্য়ই এই কথা সূচাইছে যে গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈছে।
উল্লেখযোগ্য যে, বিগত কেইবাটাও বছৰ ধৰি GMC-এ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে গুৱাহাটীৰ বিভিন্ন স্থানৰ মাটি দেখুৱাই আহিছে।
আৰু ইয়াৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে কিন্তু আজিপৰ্যন্ত গুৱাহাটী পৌৰ নিগমে কিয় মাটি নিৰ্ধাৰণ কৰিব পৰা নাই। এয়া কি GMCৰ মিথ্যাচাৰ নে অইন কিবা?
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ নিৰ্দেশ দিছিল।
কাৰণ, বৰাগাঁৱৰ এই পক্ষী অভয়াৰণ্যখনত ডাম্পিং গ্ৰাউণ্ডৰ বাবে যথেষ্ট কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ আছে।
উশাহ ল’বলৈ টান পোৱা হৈছে পক্ষীসমূহে।
কিন্তু এই দুৰ্দশা দেখি-শুনিও কিয় গুৰুত্ব প্ৰদান কৰা নাই এই বিষয়টোক লৈ এয়া হৈছে এক ডাঙৰ প্ৰশ্ন।
ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা বৈ যোৱা বিষাক্ত পানীয়ে বিষাক্ত কৰিছে জলাশয়।
যাৰ বাবে ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ন্যায়াধিকৰণে।
কিন্তু এই নিৰ্দেশনাৰ পিছতো এটাৰ পিছত আনটো অজুহাত দেখাই ফুৰি আছে গুৱাহাটী পৌৰ নিগমে।
ইফালে GMCৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত কয় যে, ‘আমি ৪টা স্থান চাইছিলো কিন্তু সেইকেইটা স্থান নহ’ব।
আমি দঁতালপাৰাৰ মাটিখিনিৰ পৰা অলপ হ’লেও মাটি বিচাৰি জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছিলো।’
Photo: Google