নিউজ ডেস্কঃ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তেনে অৱস্থাতে চৰাইদেউ জিলাৰ চাহ শ্ৰমিক সকললৈ আহিছে এটা ভাল খবৰ। জিলাখনত শান্তিপূৰ্ণভাৱে চলিছে চাহ শ্ৰমিকসকলৰ বোনাছ চুক্তিৰ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, চলিত বৰ্ষত জিলাখনৰ প্ৰায় সংখ্যক চাহ শ্ৰমিকেই ২০ শতাংশ বোনাছ পোৱাটো এতিয়া প্ৰায় নিশ্চিত হৈছে। জিলাখনৰ চাহ বাগিচা সমূহৰ মালিক পক্ষৰ লগত ইতিমধ্যে চাহ মজদুৰ সংঘই বোনাছ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে কেইবালানি বৈঠক সম্পূৰ্ণ কৰিছে । লগতে এই বৈঠক সমূহৰ অন্তত জিলাখনৰ প্ৰায় সংখ্যক চাহ বাগিচাৰ মালিক পক্ষৰ লগত বোনাছ সম্পৰ্কীয় চুক্তি স্বাক্ষৰিতও হৈছে ।
অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ অধীনত সৰ্বমুঠ ৫৬ খন চাহ বাগিচাৰ ভিতৰৰ মুঠ ৫৩ খনৰ মালিক পক্ষৰ সৈতে বোনাছৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰে গৰিষ্ঠ সংখ্যক চাহ বাগিচাৰ কৰ্তৃপক্ষই দুৰ্গা পূজাৰ পূৰ্বে নিজ নিজ শ্ৰমিক সকলক ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ সন্মতি প্ৰকাশ কৰি চাহ মজদুৰ সংঘৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ উপৰিও সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ২২ খন চাহ বাগিচাৰ মালিক পক্ষই দুটা কিস্তিত মুঠ ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰে প্ৰথম কিস্তি দুৰ্গা পূজাৰ পূৰ্বে আৰু দ্বিতীয় কিস্তি দিপাৱলী বা ফাকুৱাত প্ৰদান কৰিব বুলি মজদুৰ সংঘৰ নেতাদ্বয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । আনহাতে অহা দুই এদিনৰ ভিতৰত বাকী ৰৈ যোৱা ১৮ খন চাহ বাগিচাৰ মালিক পক্ষৰ সৈতে বোনাছৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি দুজনে জানিবলৈ দিছে।
অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন,Headline8