নিউজ ডেস্কঃ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ সভাপতিত্বত ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা সম্পূৰ্ণ নীতি নিয়ম পালন কৰি ঐতিহাসিক শিৱসাগৰ জিলাখনত আগন্তুক দুৰ্গা পূজা সূচাৰুৰূপে আয়োজন কৰাৰ সন্দৰ্ভত শিৱসাগৰৰ পূজা কমিটিসমূহৰ সৈতে জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলো পূজা কমিটিক বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিয়ম অনুসৰি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে ৷
সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ উপৰিও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্য্যালয়) জয়ন্ত সাৰথি বৰা, ট্ৰেফিক পুলিচৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলা তথ্য-জনসম্পৰ্কৰক্ষী বিষয়া, শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ হেমন্ত কুমাৰ বৰুৱা, ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক প্ৰাণজিৎ দত্ত, বিদ্যুৎ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে শিৱসাগৰ বাৰোৱাৰী পূজা কমিটি, হিন্দু ধৰ্ম সভা নামঘৰ কমিটি, দ’লপথ পূজা কমিটি, ষ্টেচন চাৰিআলি পূজা কমিটি, বাবুপট্টিৰ পূজা কমিটিকে ধৰি শিৱসাগৰৰ কেইবাখনো দুৰ্গা পূজা কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন