নিউজ ডেস্কঃ ক’ৰোনাৰ আতংকৰ মাজতে চৰকাৰে শাৰদীয় দূৰ্গোৎসৱ আয়োজনৰ আঁচনি গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে৷
এক প্ৰেছ বিবৃত্তি যোগে নিষিদ্ধঘোষিত সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে৷ সংগঠনটোৱে কয় যে ক’ৰোনা প্ৰাদুৰ্ভাৱৰ বাবে চৰকাৰে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক বৰ্জন কৰিবলৈ আহ্বান জনাইছিল৷
কিন্ত এতিয়া চৰকাৰে কি যুক্তিত দূৰ্গোৎসৱৰ আয়োজনৰ অনুমতি দিছে বুলিও প্ৰশ্ন কৰে৷ চৰকাৰক সংগঠনটোৱে দূৰ্গোৎসৱৰ আয়োজন বন্ধ কৰিবলৈ আহ্বান জনাইছে৷