নিউজ ডেস্কঃআগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বেতন মোকলাই দিয়াৰ বাবে দাবী উত্থাপিত হৈছে যদিও বিত্ত বিভাগে এই পৰ্যন্ত কোনো সিদ্ধান্ত ল’ব পৰা নাই৷
পূৰ্বতে বিহু, পূজা আদিৰ বাবে আগতীয়াকৈ ৰাজ্যিক কৰ্মচাৰীক দৰমহা মোকলাই দিয়া হয় যদিও বিত্ত বিভাগৰ পুঁজিৰ নাটনিৰ বাবে বিভাগটোৱে কোনে সিদ্ধান্ত ল’ব পৰা নাই৷ ফলস্বৰূপে কৰ্মচাৰীসকলে আগতীয়াকৈ পূজাৰ পূৰ্বে দৰমহা পাবনে নাই সেই লৈ অনিশ্চয়চাৰ সৃষ্টি হৈছে৷