আজি ষষ্ঠী, দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰ্ত্যলৈ অহাৰ ৬ দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই দেশজুৰি আৰম্ভ হ’ল দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান সপ্তাহ ধৰি চলা প্ৰস্তুতিৰ অন্তত ভক্তগণক আদৰিবলৈ সাজু হ’ল উপাসনাস্থলী সমূহ। দেশৰ আন ঠাইৰ লগতে অসমতো আৰম্ভ হল ষষ্ঠীৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটী মহানগৰীৰো চানমাৰী, জোনালী, গীতানগৰৰ দুৰ্গা মন্দিৰত পুৱাৰে পৰা পৰিলক্ষিত হ’ল ভক্তপ্ৰাণ ৰাইজৰ বৃহৎ সমাগম।
জনশ্ৰুতি অনুসৰি, দুৰ্গা দেৱীৰ ধৰালৈ এই আগমনৰ কাৰণ আছিল মৰ্ত্যত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহা মহিশাসুৰ। কঠোৰ তপস্যাৰ অন্তত কোনো পুৰুষৰ হাতত মৃত্যু বৰণ নকৰাৰ বৰ লাভ কৰিছিল মহিশাসুৰে। তাৰ পাছত সকলো দেৱতাৰ শক্তিৰ ফলত সৃষ্টি হৈছিল মহিশাসুৰ মৰ্দিনী দুৰ্গা দেৱীৰ। পুৰুষে নিধন কৰিব নোৱাৰা বৰ লাভ কৰাৰ পাছত মহিশাসুৰৰ মৃত্যু হৈছিল এগৰাকী নাৰীৰ হাতত। আনন্দ উলাহৰ মাজেৰে এইবেলি পূজা সম্পন্ন হ’ব বুলি আশা কৰিছে ভক্তগণে।