নিউজ ডেস্কঃ মানৱীয়তাৰ খাতিৰত এগৰাকী যুৱতীক ৰক্ষা কৰিবলৈ গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নিউজ চেনেল DY৩৬৫ ৰ আফনুৰ আলী নামৰ এগৰাকী জ্যেষ্ঠ সংবাদিক। এজন উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ সাংবাদিক গৰাকী বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে ৷ জানিব পৰা মতে সাংবাদিক গৰাকীয়ে পত্নীক সন্ধিয়া কৰ্মস্থলী জিএমচিএইচৰ পৰা আনিবলৈ যাওঁতে সন্মুখত এজন যুৱকে এগৰাকী নাৰ্চক দাৰে ঘপিয়াই থকা প্ৰত্যক্ষ কৰে। যুৱতীগৰাকীয়ে সহায়ৰ বাবে চিঞৰাত সাংবাদিক আফনুৰে দৌৰ মাৰি নাৰ্চগৰাকীক বচাবলৈ যাওঁতে যুৱকজনে তেওঁকো দাৰে ঘপিয়ায়৷ বৰ্তমান আফনুৰৰ লগতে নাৰ্চগৰাকী অতি সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে।সংবাদিক আফনুৰৰ আঘাত ইমানেই গুৰুতৰ যে গালত ৩৪টাকৈ চিলাই পৰিছে৷ লগতে নাৰ্চগৰাকীৰ মূৰত বহুকেইটা চিলাই পৰিছে বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে ভঙাগড় আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযুক্ত পংকজ বৈশ্য নামৰ উদণ্ড যুৱকজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দিছে।