এজন নেতা হ’বলৈ শিক্ষা কিমান লাগে? উচ্চ শিক্ষা থকাটো এজন নেতাৰ বাবে কিমান প্ৰয়োজন?
শিক্ষা নে অভিজ্ঞতাই এজন নেতাক সফল নেতৃত্ব দিয়াত সহায় কৰে?
এই প্ৰশ্ন আজিৰ নহয়। প্ৰায়ে নেতাসকলৰ শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হয়।
অসম বিধানসভাত এখন আইন গৃহীত হৈছিল এই আইনৰ আধাৰতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰা হৈছিল মেট্ৰিক উত্তীৰ্ণ।
কিন্তু আইন প্ৰণয়নকাৰীসকলৰ আছে জানো শিক্ষাগত অৰ্হতা?
আমাৰ বিধায়কসকল কিমান পঢ়া-শুনা কৰা?
বিধানসভাৰ বিধায়কসকলৰ শিক্ষাগত অৰ্হতা কিমান?
এই বিধায়কসকলৰ মাজতে আছে মেট্ৰিক উত্তীৰ্ণ নোহাৱা বিধায়কো।
অসম বিধানসভাত বৰ্তমান আছে ৩জনকৈ মেট্ৰিক অনুত্তীৰ্ণ বিধায়ক।
৭জন বিধায়ক আছে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ।
মেট্ৰিক অনুত্তীৰ্ণ বিধায়কৰ তালিকা যদি চাবলৈ যাও তেতিয়াহ’লে ৩জন বিধায়কৰ নামেই সোমাব।
আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে স্কুললৈ গৈছিল মাত্ৰ নৱম শ্ৰেণীলৈকেহে।
ইফালে কাটিগৰাৰ বিধায়ক অমৰ চান্দ জৈনৰ পঢ়া-শুনা মাত্ৰ দশম শ্ৰেণীলৈকেহে।
নাহৰকটিয়াৰ বিধায়ক নৰেন সোণোৱাল আৰু এখোপ চৰা। তেওঁ পঞ্চম শ্ৰেণীলৈকেহে স্কুলৰ মুখ দেখা পাইছে।
মেট্ৰিক অনুত্তীৰ্ণ বিধায়কৰ পিছত এইবাৰ চাও আহক মেট্ৰিক উত্তীৰ্ণ বিধায়কৰ তালিকা।
বদৰপুৰৰ কংগ্ৰেছৰ বিধায়ক জামাদ্দিন আহমেদৰ শিক্ষাগত অৰ্হতা হ’ল মেট্ৰিক উত্তীৰ্ণ।
হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰো সেই একেই শিক্ষাগত অৰ্হতা।
মেট্ৰিক উত্তীৰ্ণ আন এগৰাকী বিধায়ক হ’ল উদাৰবন্দৰ সমষ্টিৰ মিহিৰ কান্তি সোম।
ইফালে কিশোৰ নাথ, দীপক কুমাৰ ৰাভা, আবুল কালাম আজাদ, কমলী বসুমতাৰী, নুৰুল হুদা, শিবু মিশ্ৰ, কুশল দুৱৰী, বিনোদ হাজৰিকা, সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা এওঁলোক কেৱল মেট্ৰিকৰ দেওনাহে পাৰ কৰিছে।
এইবাৰ আহো উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বিধায়কসকলৰ নামৰ বিষয়ত- শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, কাটলিচেৰাৰ বিধায়ক ছুজাম উদ্দিন লস্কৰ, ছাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী আব্দুল ৰছিদ মণ্ডল আৰু মহেশ্বৰ বড়ো।
এই আটাইকেইজনৰে শিক্ষাগত অৰ্হতা একেই।
দেখিলেনে তালিকাত থকা বিধায়কসকলৰ নামবোৰ। এনেদৰে এওঁলোক এটা এটা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হয় সমষ্টি দখল কৰি আছে।
এই ন্যূনতম শিক্ষাগত অৰ্হতা লৈ তেওঁলোকে কিমান দূৰলৈ উন্নয়ন কৰিব পাৰিব নিজ নিজ সমষ্টি।
শিক্ষাৰ ভিত্তিত কিয় বিধায়কসকলক নিৰ্বাচন কৰা নহয়।
কেনেদৰে মাত্ৰ পঞ্চম শ্ৰেণীলৈ পঢ়িয়েই বিধায়কৰ শাসন চম্ভালিব পাৰে?
কেৱল এয়াই নহয় বিগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ ১০৬৩গৰাকী প্ৰাৰ্থীয়ে।
১২৬টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা এই প্ৰাৰ্থীসকলৰ ভিতৰত মাত্ৰ ৪৭ শতাংশহে আছিল স্নাতক বা তাৰ ওপৰৰ ডিগ্ৰীধাৰী।
আৰু ৫৩ শতাংশ প্ৰাৰ্থীয়ে মেট্ৰিক অনুত্তীৰ্ণ, মেট্ৰিক উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ।
Photo: Google