অসম প্ৰকাশন ভাৰতীয়ে ২০২৩ বৰ্ষৰ পৰা কলা, সাহিত্য, সংস্কৃতি তথা সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোজন ব্যক্তিক “অসম প্ৰকাশন ভাৰতী বঁটা”ৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ ২০২৪ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, ডঃ জয়কান্ত শৰ্মাক সোমবাৰে বিয়লি গুৱাহাটীৰ জু-ৰোডত থকা অসম প্ৰকাশন ভাৰতীৰ কাৰ্যালয়ৰ শন্তনু ৰঘুনাথ শেণ্ডেজী সভাগৃহত অনুষ্ঠিত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ জয়কান্ত শৰ্মাক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, এটা স্মাৰক আৰু এৰী – মুগাৰে প্ৰস্তুত কৰা এটা হাফ জেকেট।
আনহাতে এই উপলক্ষে অসম প্ৰকাশন ভাৰতীৰ সচিব দীপাংকৰ বৰাই সঞ্চালনা কৰা অনুষ্ঠানত ডঃ জয়কান্ত শৰ্মাক এই সন্মানীয় বঁটা প্ৰদান কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। ভাষণ প্ৰসংগত ভাস্কৰজ্যোতি মহন্তই অসম প্ৰকাশন ভাৰতীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লৈ কয় পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভাৰতীয় ভাৱনা প্ৰতি গৰাকী অসমীয়াৰ বুকুত স্থাপন কৰিছিল।
ৰাষ্ট্ৰৰ অখণ্ডতা, ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাণত প্ৰতি গৰাকী নাগৰিক দায়বদ্ধ হব লাগিব। আনহাতে অনুষ্ঠানত মূখ্য বক্তা হিচাপে ভাগ লৈ বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সভাপতি ডি ৰামা কৃষ্ণ ৰাওৱে কয় ধৰ্ম সংস্থাপনৰ বাবে আৰু বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে আমাৰ কৰ্ম উৎসৰ্গিত হোৱা উচিত। দেশত নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদানত বিদ্যা ভাৰতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰ উত্তৰ প্ৰান্তত বিদ্যা ভাৰতীৰ অন্তৰ্গত শিক্ষা সমিতিবোৰে বিগত চাৰি দশক ধৰি পাঁচ শতাধিক বিদ্যালয় সুচাৰুভাবে পৰিচালনা কৰি অহাটো গৌৰৱৰ বিষয়। তেনেদৰে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ গংগা প্ৰসাদ পাৰচাইনে নিদিষ্ট বক্তা হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত ছাত্ৰ – ছাত্ৰীক নৈতিক শিক্ষা প্ৰদানত বিদ্যা ভাৰতীয়ে গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লয়। আনহাতে বঁটা প্ৰাপক ডঃ জয়কান্ত শৰ্মাই বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি এই বঁটা লাভে আগন্তুক দিনত পুনৰ ন – উদ্যমৰে কাম কৰি যাবলৈ উৎসাহ লাভ কৰিব।
অনুষ্ঠানত বিভিন্ন লেখকে ছাত্ৰ – ছাত্ৰীৰ চৰিত্ৰ গঠনত উপযোগী হোৱাকৈ ৰচনা কৰা আৰু অসম প্ৰকাশন ভাৰতীয়ে প্ৰকাশ কৰা ১৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত অসম প্ৰকাশন ভাৰতীৰ সভাপতি ডঃ বিবেকানন্দ শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তা , গুৱাহাটী বিশ্ববিদ্যাল়য়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰকে ধৰি কেবাজনো বিশিষ্ট লোক, শিক্ষাবিদ, বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু সমিতি, অসমৰ অধীনত পৰিচালিত কেবাখনো শিক্ষা প্ৰতিষ্ঠানৰ আচাৰ্য উপস্থিত আছিল।