ঈদ উপলক্ষে এইবাৰ SOP জাৰি কৰিলে অসম চৰকাৰে। কোৰবানি বিতৰ্কৰ মাজতেই নতুন SOP জাৰি কৰিছে গৃহ বিভাগে। SOP অনুসৰি ঈদত কি কি কৰিব পাৰিব বা কি কি কৰিব নোৱাৰিব জানো আহক।
- গৰু বা অন্য জন্তু কোৰবানি দিয়াক লৈ বিশেষ নিৰ্দেশনা। গৰু, উট আদিৰ হত্যা অবৈধ বুলি সদৰী কৰা হৈছে নিৰ্দেশনাটোত।
- কোৰবানি বিতৰ্কৰ মাজতে ৰাজ্য চৰকাৰে ১০ জুলাই, ২০২২ তাৰিখে ‘বকৰি ঈদ’ উপলক্ষে গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা প্ৰতিহত কৰাৰ বাবে এই নিৰ্দেশনা জাৰী কৰা হৈছে।
- গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি অবৈধ হত্যা আৰু কোৰবানি নিষিদ্ধ কৰা হৈছে। আইন মানি সকলোকে নিজৰ নিজৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে।
- সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি ঈদৰ দিনা জীৱ-জন্তু সৰবৰাহ আইন মানি চলিব লাগিব। পশু নিয়ম পৰিবহণ উলংঘনৰ বাবে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈয়ো নিৰ্দেশ দিছে গৃহ বিভাগে।
এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয় যে, এয়া কোনো ধৰণৰ বিতৰ্কিত বিষয় নহয়। আইন মতে যি আগতে ব্যৱস্থা আছে সেয়াই হ’ব। যি সমূহ বৈধ তেওঁলোকৰ অনুজ্ঞা পত্ৰ আছেই। শান্তিপূৰ্ণভাৱে, আনন্দৰ মাজেৰে আৰু আইন ৰক্ষা কৰি ঈদ-উজ-জোহা উদযাপন কৰাটো কামনা কৰিছে ৰাজ্য-প্ৰশাসনে।