নিউজ ডেস্কঃ আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তত একে দিনাই ৩৪ লাখ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰা হয়৷
নাম্বাৰপাৰা চাকলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা খাতুন, পঞ্চায়ত সচিব আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এইআৰ শুভাৰম্ভণি কৰা হয়।
২০১৯ – ২০ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত কোকিলা উত্তৰ পাৰাত ৪ লাখ টকা, চাকলা-কোকিলা গড়কাপ্তানি পথৰ পৰা মতিয়াৰ ৰহমানৰ ঘৰ লৈ চিচি ব্লকৰ ৰাস্তাৰ বাবদ ৭ লাখ টকা, কোকিলা উত্তৰ চিচি ব্লকৰ ৰাস্তাৰ বাবদ ৫ লাখ, শৌলমাৰীত ৪ লাখ, নাম্বাৰপাৰা দ্বিতীয় খণ্ড দক্ষিণত ৪ লাখ টকা কামৰ শুভাৰম্ভ কৰে সভানেত্ৰী গৰাকীয়ে।
ইফালে নাম্বাৰপাৰা তৃতীয় খণ্ডতো ৭ লাখ টকাৰ এম জি এনৰেগা আঁচনিৰ অধীনত কামৰ শুভাৰম্ভ কৰে।
একেদিনাই ৩৪ লাখ টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাত ৰাইজে সন্তষ্টি প্ৰকাশ কৰে।