নিউজ ডেস্কঃ আগন্তুক বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ইচছা প্রকাশ কৰা নাই ৰাজ্যৰ প্রভাৱশালী মন্ত্রী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি টুইটাৰ যোগে এই কথা প্রকাশ কৰি মন্ত্রী ড০ শর্মাই উল্লেখ কৰিছে যে ‘মই ইতিমধ্যে কেইবাখনো ৰাজহুৱা সভাত ইংগিত দিছোঁ যে অহা বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মোৰ ইচছা নাই৷’
মন্ত্রীজনৰ এই টুইটৰ পাছতেই বহুসংখ্যক লোকে শংকা কৰিছে যে সম্ভৱতঃ অনাগত সময়ত শর্মাই ৰাষ্ট্রীয় ৰাজনীতিত প্রৱেশ কৰি দিল্লীলৈ যাব, সেই বাবেই তেওঁ বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ইচছা প্রকাশ কৰা নাই৷ অৱশ্যে সময়েহে ক’ব ৰাজ্যৰ প্রভাৱশালী মন্ত্রীজনে অনাগত সময়ত সঁচাকৈয়ে বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নে নকৰে৷
Few people feel that I am after some post and https://t.co/dLn1iDhiur only ambition is to see a BJP GOVT with 100+https://t.co/4O4ZiQ6H29 my last few months,I want to work for my state as much as possible to have eternal satisfaction. “Janani Janmabhumishcha Swargadapi Gariyasi”
— Himanta Biswa Sarma (@himantabiswa) August 25, 2020