বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী প্ৰভাত শৰ্মা আৰু নাই ৷
৮৫ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে মহীৰূহ প্ৰভাত শৰ্মাই ৷
নিগাজিপামৰ নিজা বাসগৃহত দেহাৱসান শিল্পীগৰাকীৰ ৷
১৯৩৫ চনৰ ৭ জুলাইত বৰপেটাত জন্মগ্ৰহণ কৰিছিল প্ৰভাত শৰ্মাই ৷
প্ৰায় আঠটা দশক ধৰি অসমৰ লোকসংগীতৰ জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে ‘সংগীতশ্ৰী’ প্ৰভাত শৰ্মাই ৷
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাকে ধৰি বিভিন্ন শিল্পীৰ গীতত সুন্দৰ বাঁহীৰ সুৰ দিছে এইগৰাকী শিল্পীয়ে ৷
জনপ্ৰিয় অনাতাঁৰ শিল্পী আব্দুল ৰেহমানৰ পৰা বাঁহীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল ৷
লোকসংস্কৃতিৰ সাধক প্ৰভাত শৰ্মাই থলুৱা বাদ্যযন্ত্ৰীক লৈ ‘পাঞ্চজন্য শংখ ধ্বনি’ নামৰ এটা অৰ্কেষ্ট্ৰা দল গঠন কৰে যিটো পিছলৈ ‘দেৱ গান্ধাৰ’ নামেৰে জনপ্ৰিয় হয় ৷
‘ব্লেকমানী’, ‘সন্তান’, ‘সন্ধ্যাৰাগ’, ‘সাৰথি’, ‘আপোনজন’, ‘মোহমুক্তি’, ‘অনল’, ‘শ্ৰীমন্ত শংকৰদেৱ’ ইত্যাদি অসমীয়া ছবিত সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও
গুৱাহাটী দুৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিক ‘পথৰুঘাটে ৰিঙিয়াই’ আৰু ‘বৃকোদৰ বৰুৱাৰ বিয়া’ ত তেওঁ সংগীত দিছিল ৷ এইগৰাকী মহীৰূহৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷