গুৱাহাটী – এতিয়াৰে পৰা জিলা নিয়োগ পঞ্জীয়ণ বিষয়াৰ কাৰ্যালয়লৈ গৈ দীঘলীয়া শাৰীত থিয় হ’ব নালাগিব নিবনুৱা যুৱক-যুৱতীসকল। ঘৰত বহিয়েই অনলাইনযোগে নিজৰ নাম পঞ্জীয়ণ কৰিব পাৰিব চাকৰি প্ৰত্যাশীসকলে। আজি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই।
আজি জনতা ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাই সম্বোধন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰশাসনিক সংশোধনৰ যোগেদি EMPLOYEMENT EXCHANGE লৈ গৈ পঞ্জীয়ণ কৰাৰ সলনি অনলাইন যোগে কৰাৰ সুবিধা প্ৰদান কৰা হ’ব।