নিউজ ডেস্কঃ মঙলবাৰে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত অবৈধভাৱে গঢ়ি উঠা দোকান-পোহাৰ তথা বাসগৃহত উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে। মহানগৰীৰ লংকেশ্বৰ, খানামুখ, জালুকবাৰী, সাতমাইল আদি কেইবাটাও স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ জেচেবি লগাই উচ্ছেদ কৰে জিলা প্ৰশাসনে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে গঢ়ি উঠা এনে দোকান-পোহাৰ আৰু বাসগৃহ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰ পিছতে মঙলবাৰে জালুকবাৰী আৰক্ষীক লগত লৈ মহানগৰ প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়।