পুনৰ কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান। সীমান্তৰ লাহৰিজানৰ দুদু কলনিত এই অভিযান উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতো উচ্ছেদ কৰাৰ অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালসমূহে। আনহাতে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ আৰক্ষী, CRPF বৃহৎ দল সষ্টম হৈ আছে।
জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত হৈছেহি লাহৰিজানত।
উল্লেখ্য যে, উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ১৮১ঘৰে বসতি স্থাপন কৰি আছিল। বৰ্তমানলৈকে এলেকাটোত প্ৰায় ১০০ তকৈও অধিক লোকৰ ঘৰত এই অভিযান চলিছে। ইয়াৰ পূৰ্বে ২০ ডিচেম্বৰত চলিছিল উচ্ছেদ অভিযান। অৱশ্যে সৰহ সংখ্যকে পৰিয়ালেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা-সামগ্ৰী লৈ সেই স্থান ত্যাগ কৰিছে। ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছে উক্ত অঞ্চলত।