গুৱাহাটীঃ ইউজিচিৰ গাইড লাইন অনুসৰি পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সকলো পৰীক্ষা প্রক্রিয়া সম্পূর্ণ কৰিবলৈ সিদ্ধান্ত লৈছে৷ ক’ৰোনাৰ দ্বাৰা সৃষ্ট পৰিস্থিতিয়ে শৈক্ষিক দিশত বিৰূপ প্রভাৱ পেলোৱাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তই গুৰুত্ব লাভ কৰিছে৷
চলিত ষাণ্মাসিকসমূহ সম্পূর্ণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি বিশ্ববিদ্যালয়খনৰ উপাচার্যই ছাত্র-ছাত্রীসকলক উদ্দেশ্যি গুৰুত্বপূর্ণ জাননীখন প্রকাশ কৰিছে৷ চলিত ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব নে নাই তাক লৈ ছাত্র-ছাত্রীৰ মাজত অনিশ্চয়তা আৰু দুঃচিন্তা বিৰাজ কৰা সময়তে উপাচার্যই পৰৱর্তী ষাণ্মাসিকলৈ উত্তীর্ণ হ’বৰ বাবে আৰু স্নাতক চূড়ান্ত পৰীক্ষাৰ বাবে প্র-পত্র পূৰণ কৰিবলৈ ছাত্র-ছাত্রীৰ প্রতি আহ্বান জনাইছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট