নিউজ ডেস্কঃ ইংৰাজী নৱবৰ্ষ ২০২১ চনৰ প্ৰথম দিনটোত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সামৰি প্ৰকাশ পালে সুলেখক কমল কটকীৰ ‘কবিতা কোমল ভূপেন হাজৰিকা’ গ্ৰন্থখনি। মুঠ ২৯টা অধ্যায়ৰ গ্ৰন্থখনত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনৰ বিষয়ে বহুতো নজনা কথা সৰ্বসাধাৰণ ৰাইজে জানিবলৈ পাব।আজি ৩৩তম গুৱাহাটী গ্ৰন্থ মেলাত ইংলেণ্ডৰ নিবাসী ডাক্তৰ নৃপেন বৰকটকীয়ে গ্ৰন্থখনি উন্মোচন কৰে ৷
উল্লেখযোগ্য যে এই গ্ৰন্থখনৰ জৰিয়তে পঢ়ুৱৈয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন আৰু অৱদানৰ বিষয়ে এক নতুন সোৱাদ আৰু দৃষ্টিভংগীৰে অমৃত মন্থন কৰিব পাৰিব ইংৰাজী নতুন বছৰটোত। লগতে গ্ৰন্থখনিত ভূপেন হাজৰিকাৰ কিছু আপুৰুগীয়া আলোকচিত্ৰ, ভূপেন হাজৰিকাৰ হাতৰ লিখনি সন্নিৱিষ্ট কৰা হৈছে ৷