নিউজ ডেস্কঃ অসম আৰক্ষীৰ পিছত এইবাৰ দালাল চক্ৰ সক্ৰিয় হৈছে আবকাৰী বিভাগত। সুৰা বিপনী অনুজ্ঞা পত্ৰ বনাই দিয়াৰ প্ৰলোভনৰে ধন সংগ্ৰহৰ বৃহৎ নেটৱৰ্ক গঢ়িছে দালাল চক্ৰই।পিছে এইবাৰ আগতীয়াকৈ সতৰ্ক হৈছে ৰাজ্য চৰকাৰ।শুক্ৰবাৰে শোণিতপুৰ জিলাৰ আবকাৰী বিভাগে তেজপুৰত এক সংবাদ মেলযোগে সম্প্ৰতি ৰাজ্য চৰকাৰে ২০০৭চনৰ পৰাই বন্ধ থকা সুৰা বিপনীৰ অনুজ্ঞা পত্ৰ খোলাৰ কোনো পৰিকল্পনা নাই বুলি সদৰি কৰে। সংবাদ মেলত এনে দুষ্ট চক্ৰৰ কবলত নপৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে লোকৰ সম্ভেদ পালে আবকাৰী বিভাগক জনাবলৈ অনুৰোধ জনাইছে।
সংবাদ মেলত আবকাৰী অধীক্ষক বেদাংগ ভূষন শইকীয়াৰ লগতে অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই অংশ গ্ৰহণ কৰে।