২০১৯ ত অনুষ্ঠিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩১ টা কাৰ্য্যালয় কৰ্মচাৰীৰ বাবে হোৱা পৰীক্ষাত সংঘটিত হৈছে এক বেমেজালিৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁই শুক্ৰবাৰে এক সংবাদ মেলৰ আয়োজন কৰে। দয়ানন্দ বৰগোহাঁইৰ অধ্যক্ষৰ পদত বিগত ৩ বছৰৰ পৰা আছে।অধ্যক্ষ দয়ানন্দ বৰগোহাঁই কয় যে এই সময়ছোৱাত আগৰ তুলনাত সংসদৰ খেলিমেলি বহু কমিছে। ২০১৯ চনৰ সেই ৩১ টা পদৰ পৰীক্ষাৰ লিখিত পৰীক্ষা ফলাফলৰ পিছত মৌখিক পৰীক্ষা স্থগিত ৰাখিছে সংসদে।পূৰ্বৰ সচিব আৰু কাৰ্যালয় কৰ্মী তথা অধ্যক্ষৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে এই বেমেজালিৰ সৃষ্টি হল আৰু ২০২৩ চনলৈ সংসদত ৫ জন কৰ্মচাৰিহে থাকিব। সংসদখনলৈ এক সুস্থিৰতা অনাৰ চেষ্টাৰে তেওঁ পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও একাংশ লোকে সংসদক বদনাম কৰিবলৈ চেষ্ঠা চলোৱা বুলিও অভিযোগ কৰে।ৰাজ্যৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিবে নিযুক্তিৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা বাধা আৰোপ কৰাৰ বিপৰীতে ন্যায়ালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ আদেশ জাৰি কৰা বুলি জনাইছে।তদুপৰি প্ৰয়োজন সাপেক্ষে সংসদৰ হৈ দ্বিতীয় পক্ষই আইনৰ দ্বাৰাস্তা হব বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে নতুন শিক্ষানীতি অনুসৰি সংসদৰ কাম কাজ বোৰ হস্তান্তৰ প্ৰক্ৰিয়া চলি আছে বুলি কয়। লগতে তেওঁ সংসদৰ দায়িত্ব পৰাও শীঘ্ৰে অব্যাহতি ল’ব পাৰে বুলিও চৰকাৰক অৱগত কৰাই।