গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ এটা দলে সোমবাৰে দূপৰীয়া এক অভিযান চলায় আৰক্ষী চকীৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগৰ শৰাইঘাট কলনীৰ পৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাত এজন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ভুৱা আৰক্ষী বিষয়াজনক দৰং জিলাৰ মঙ্গলদৈৰ সমীপৰ তথা গুৱাহাটীৰ ছয়মাইলত ভাৰাতীয়া হিচাপে থকা ফাইজুৰ ৰহমান হাজৰিকা (২৬ ) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি নিজকে গুৱাহাটী মহানগৰ আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীৰ পোছাক পৰিধান কৰি ঘূৰি ফুৰিছিল। আনকি স্বাধীনতা দিৱসৰ দিনাও আৰক্ষীৰ পোছাকত খানাপাৰা খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীৰ সময়টো তেওঁ খেলপথাৰৰ বাহিৰত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰিছিল। আচল আৰক্ষীয়ে বাহিৰৰ পৰা অহা আন জিলাৰ আৰক্ষী বিষয়া বুলি ভাবিছিল আৰু সন্মান যাচি চাহ পৰ্যন্ত খুৱাইছিল।
জানিব পৰা মতে এখন উবেৰ বাহন লৈ আহি শৰাইঘাট নগৰৰ পৰা পূৰ্বে কোনো লোকৰ পৰা দাবী কৰা ধন নিবলৈ আহোঁতে গোপন সূত্ৰৰ পম খেদি জালুকবাৰী আৰক্ষীয়ে ভুৱা উপ পৰিদৰ্শক ফাইজুৰ ৰহমান হাজৰিকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীত ভুৱা আৰক্ষী বিষয়া জনক জেৰা কৰি থকা হৈছে। উল্লেখ্য যে দুদিন পূৰ্বে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই নিজকে জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত বুলি চিনাকী দি ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাতে ৰিংকু কলিতা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ইফালে ৰিংকু কলিতাৰ দৰে ফাইজুৰ ৰহমান হাজৰিকায়ো আৰক্ষীৰ পোছাক পৰিধান কৰি বিভিন্ন অপৰাধজনিত কামত লিপ্ত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।