বিদ্যুৎ বিলৰ বিসংগতিক লৈ ‘APDCL-এ আজি এটো বিজ্ঞাপন প্রকাশ কৰিব’, ‘বিদ্যুৎ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব’ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তদুপৰু প্ৰত্যেকে নিজৰ এলেকাৰ APDCLৰ কাৰ্যালয়ত আবেদন কৰি নিজৰ বিলৰ বিসংগতিৰ কথা জনাব লাগিব। আনহাতে, বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ঘৰলৈ গৈ মিটাৰসমূহ পৰীক্ষা কৰিব আৰু যদি কোনো বিসংগতি ধৰা পৰে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।