নিউজ ডেস্কঃ গুৱাহাটীত চিটিবাছ, মেজিক আদিৰ লগতে দূৰণিবটীয়া বাছৰ ভাৰা দুগুণ পর্যন্ত বৃদ্ধি কৰি যাত্রীক মাধমাৰ দি থকাৰ পাছতো অসম ৰাজ্যিক পৰিবহণ বিভাগে অজ্ঞতা প্রকাশ কৰি যাত্রীক ভাৰা বৃদ্ধিৰ অভিযোগ দাখিল কৰিবলৈ দি সমগ্র বিষয়টোক উপলুঙা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
ক’ৰোনা কালত পৰিবহণ বিভাগে একাংশ বাছ ক’ভিড নিয়ম মানি চলি যাত্রীৰ সুবিধার্থে চলাচল কৰিবলৈ অনুমতি প্রদান কৰিছিল৷ কিন্তু বর্তমান ব্যক্তিগত খণ্ডৰ বাছসমূহৰ মালিক পক্ষই ক’ভিড নিয়ম উলংঘা কৰি বাছসমূহত ১০০ শতাংশ যাত্রী উঠাই দুগুণ পর্যন্ত ভাৰা সংগ্রহ কৰি আছে৷ প্রথম অৱস্থাত ৫০ শতাংশ যাত্রী উঠোৱাৰ বাবে ভাৰা কিছু বৃদ্ধি কৰিছিল যদিও বর্তমান বাছসমূহত ১০০ শতাংশ যাত্রী কঢ়িয়াও ভাৰা বৃদ্ধি কৰি থকা কার্যত যাত্রীসকলে বিভিন্ন ঠাইত প্রতিবাদ কৰি আছে৷
ইয়াৰ পাছতো পৰিবহণ বিভাগে বিষয়টো সম্পূর্ণ আওকাণ কৰি দুর্দশাগ্রস্ত যাত্রীক একাষৰীয়া কৰি বাছৰ মালিক পক্ষৰ লগত মিতিৰালি কৰিছে৷ যাৰ বাবে ভাৰা বৃদ্ধিৰ বিষয়টোত পৰিবহণ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী সম্পূর্ণ নীৰৱ হৈ থকাৰ বিপৰীতে আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰয়ে কেৱল নিগমৰ অধীনৰ বাছৰ কথা উল্লেখ কৰি ব্যক্তিগত খণ্ডৰ বাছৰ মালিকে অবৈধভাৱে ভাৰা বৃদ্ধি কৰা বিষয়টোত অজ্ঞ বুলি আজি সংবাদ মাধ্যমত প্রকাশ কৰে৷ ভাৰা বৃদ্ধিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱা যাত্রীসকলক এই সন্দর্ভত পৰিবহণ নিগমৰ কার্যালয়ত অভিযোগ দাখিল কৰিবলৈ কৈছে৷