কুইপ’ৰ দুই অপহৃত বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ সন্দৰ্ভত কুইপ’ আৰু আলফা(স্বা)ৰ মাজত আলোচনা অব্যাহত আছে ৷
আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকাত আছে আলফা-চৰকাৰৰ পূৰ্বৰ মধ্যস্থতাকাৰী নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন ৷
শীঘ্ৰেই ভাল খবৰ অহাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷
কুইপ’ৰ দুই অপহৃত বিষয়া সন্দৰ্ভত ইতিমধ্যেই নিজৰ স্থিতি প্ৰকাশ কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷
চৰম শাস্তি মানেই মৃত্যুদণ্ড নহয় বুলিও তেওঁ সংবাদ মাধ্যমক জনাইছে ৷
সভ্য সমাজৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে আলফা(স্বা)ৰ সেনাধ্যক্ষগৰাকীয়ে ৷
অৱশ্যে বিষয়া দুজনক কেতিয়ালৈ মুক্তি দিব সেই সন্দৰ্ভত স্পষ্টকৈ কোনো কথা কোৱা নাই পৰেশ বৰুৱাই ৷
ইফালে চৰম শাস্তি সম্পৰ্কে একাংশ সংবাদ মাধ্যমে অপব্যাখ্যা আগবঢ়াইছে বুলিও একাংশ সংবাদ মাধ্যমক জগৰীয়া কৰিছে পৰেশ বৰুৱাই ৷
উল্লেখ্য, অপহৃত কুইপ’ৰ দুই বিষয়াৰ মুক্তিৰ বাবে পৰিয়ালবৰ্গৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে আহ্বান জনাইছিল সেনাধ্যক্ষ পৰেশ বৰুৱাক ৷
photo: google