নিশা কলিয়াবৰৰ উলুৱনী আৰক্ষী নিৱেশত অঘটন। থানাৰ চৌহদৰ আৱাসত গুলীবিদ্ধ হ’ল এটি ৪ বছৰীয়া শিশু। উলুৱনী আৰক্ষী নিৱেশৰ সহকাৰী উপ পৰিদৰ্শক তিলক বৰদলৈৰ চৰকাৰী আৱাসত নিশা প্ৰায় ১০ বজাত চাৰ্ভিছ পিষ্টলৰ গুলীত গুলীৱিদ্ধ হয় উপ পৰিদৰ্শকগৰাকীৰ চাৰিবছৰীয়া পুত্ৰ মনোজ হাজৰিকা। শিশুটোৱে পিষ্টলেৰে খেলি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। ভৰিত গুলী লাগে তিলক বৰদলৈৰ কণমানি পুত্ৰ মনোজ হাজৰিকাৰ। বৰ্তমান তেজপুৰ চিকিত্সা মহাবিদ্যালয়ত চিকিৎসাধীন শিশুটি।