জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত ১৯ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰা হয়। “ভাৰতীয় জ্ঞান পৰম্পৰা” ৰ ওপৰত স্মাৰক বক্তৃতাপ্ৰদান কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড° বিনীতা ভাগৱতীয়ে। ছাত্ৰছাত্ৰীক উদ্দেশ্য কৰি সভাৰ সভাপতি তথা অধ্যক্ষ মহোদয়াই সকলো নৱাগতাক পঢ়াৰ সমানেই প্ৰতিভাসমূহো বিকাশ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ উপদেশ প্ৰদান কৰে। এই সভাতেই যোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে ঐচ্চ্ছিক সংস্কৃত বিষয়ত (৯১%) সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে মহাবিদ্যালয়ৰ কাব্য আৰু সাহিত্য বিভাগৰ তৰফৰ পৰা আৰু মহাবিদ্যালয়ৰ সকলো ছাত্ৰছাত্ৰীৰ ভিতৰত সংস্কৃতত (৮৭%) সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে ধৰ্মশাস্ত্ৰ আৰু বেদ বিভাগৰ তৰফৰ পৰা এখনকৈ ফুলাম গামোছা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে নিকিতা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
ছাত্ৰ-ছাত্ৰীক সংস্কৃত বিষয়ৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এনেদৰে সংস্কৃতত সৰ্বোচ্চ নম্বৰ লাভ কৰোতাজনক নৱাগত আদৰণি সভাত সন্মানিত কৰাৰ পৰম্পৰা উক্ত বিভাগ কেইটাৰ অধ্যাপকসকলে ২০১৭ চনৰ পৰা প্ৰচেষ্টা চলাই আহিছে।
লগতে এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ যোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সুনাম কঢ়িয়াই অনাৰ বাবে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে নৱাগত আদৰণি সভাৰ সভাপতি তথা ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° বন্দনা সন্দিকৈ আৰু ছাত্ৰ একতা সভাৰ সভাপতি ড° অৰুন্ধতী গোস্বামীয়ে। লগতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ইক ক্লাৱ, পৰিৱেশ অধ্যয়ন, IQAC আৰু যুৱা টুৰিজিমৰ সহযোগত দক্ষিণ গুৱাহাটী লাচিত গড় হাইস্কুলৰ ছাত্ৰছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহো এই সভাতে প্ৰদান কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সম্পাদক সঞ্জীৱ ভুঞাই। শলাগৰ শৰাই আগবঢ়াই ৰঘুবীৰ মিশ্ৰই। পৰবৰ্তী কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান সুচাৰুভাৱে চলাই নিয়ে বিভাগৰ সম্পাদক তাপস শৰ্মাই।