নিউজ ডেস্কঃ বিতৰ্কই লগ নেৰা হৈছে কমেডিয়ান কুনাল কামৰাৰ৷ পূৰ্বে ইণ্ডিগ’ বিমানসেৱাৰ দ্বাৰা নিষেধাজ্ঞাৰ সম্মুখীন হোৱা কুনাল কামৰা বৰ্তমান আন এক অভিযোগত অভিযুক্ত হৈছে৷
উচ্চতম ন্যায়ালয়ে অযোধ্যৰ ভূমিত ৫ একৰ ভূমি মছজিদ নিৰ্মাণৰ বাবে প্ৰদান কৰা কাৰ্যক তাচ্ছিল্য কৰি ৰোষত পৰিছে কুনাল কামৰা৷
কুনালৰ এই কাৰ্যক গৰিহণা দি অসমৰ জনৈক শান্তুনু শইকীয়া নামৰ এগৰাকী ব্যৱসায়ীয়ে গুৱাহাটীৰ হাতীগাঁও থানাত কমেডিয়ানজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷
এই সন্দৰ্ভত কুনাল কামৰাই এই এজাহাৰেৰে তেওঁক একো কৰিব পৰা নাযাব বুলি মন্তব্য কৰিছে৷
Ispe Nahi hoga Kuch…
Pehle bhi yey kiya tha 😭😭😭
Kuch aur dhubdo 😊 https://t.co/8v5QdZeMpm— Kunal Kamra (@kunalkamra88) November 5, 2020