নিউজ ডেস্কঃ আজিৰে পৰা অসমকে ধৰি চাৰিখন ৰাজ্যত আৰম্ভ হ’ব কৰ’নাৰ টীকাকৰণ প্ৰক্ৰিয়াৰ আখৰা।২৮ আৰু ২৯ ডিচেম্বৰত অসম, পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ প্ৰতিখনৰে দুখনকৈ জিলাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে টীকাকৰণ প্ৰক্ৰিয়াৰ আখৰা আৰম্ভ কৰিব।
ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত টীকাকৰণ বিষয়া, কোল্ড চেন বিষয়া,তথ্য, শিক্ষা তথা সংযোগী কৰ্মী হিচাপে ২,৩৬০জন স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছে।
চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে আখৰাত কোনো ভেকচিন ব্যৱহাৰ কৰা নহয়, কেবল মাত্ৰ Co-WIN এপৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব।আখৰাৰ সময়ত ভেকচিন প্ৰয়োগৰ বাহিৰে সকলো ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব।