নিউজ ডেস্কঃ অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতিৰ প্ৰতি অসমীয়াৰ আকৰ্ষণ লোপ পালেও বিদেশী পৰ্যটকে প্ৰায়ে অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱাৰ প্ৰমাণ দি আহিছে। শেহতীয়াকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো আগমন ঘটিল অসমীয়াপ্ৰেমী এগৰাকী বিদেশী ভক্তৰ।
নৱবৰ্ষৰ ক্ষণত বটদ্ৰৱা থানলৈ আগমন ঘটিছে দেশ-বিদেশৰ বহু পৰ্যটকৰ। এই বিদেশী পৰ্যটকসকলৰ মাজতে অসমীয়া চুৰিয়া-কুৰ্তা পিন্ধি আৰু ডিঙিত ফুলাম গামোচা লৈ দেখা গল এগৰাকী বিদেশী পৰ্যটকক। জেৰেমি অলিভাৰ ফ্ৰীটহেণ্ড নামৰ এগৰাকী আমেৰিকান পৰ্যটকগৰাকীয়ে বটদ্ৰৱা থানত সেৱা লৈ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। এগৰাকী বিদেশী পৰ্যটকক এনেদৰে জাতীয় সাজ-পাৰত দেখি গৌৰৱ অনুভৱ কৰিছে সকলোৱে।