নিউজ ডেস্কঃ গোৱালপাৰাত বন বিভাগে আজি এক বৃহৎ উচ্ছেদ অভিযান চলায় ৷
ভালুকডুবিৰ ৩৬ টাকৈ পৰিয়ালক উচ্ছেদ কৰে বন বিভাগে ৷
উল্লেখ্য যে ভালুকডুবিত বন বিভাগৰ ভূমি বেদখল কৰি অবৈধভাৱে বসবাস কৰি আহিছিল এই পৰিয়ালকেইটাই৷
আটাইকেইটা পৰিয়ালক আজি উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে ভালুকডুবিৰ বগুলামাৰী বন সংৰক্ষিত এলেকা ৷
বগুলামাৰী বন সংৰক্ষিত এলেকাৰ প্ৰায় ৫ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি আহিছিল ৷
আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে বিশাল আৰক্ষী বাহিনী লৈ এক্সেভেটৰৰে উচ্ছেদ অভিযান চলায় ৷