পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ পৰা কিছু নিলগত অসম – মেঘালয় সীমান্তবৰ্তী ৰাণীৰ শুকুৰবৰীয়াত ৰাণী – জিৰাং সংযোগী পথত আজি পুৱতি নিশা নিশা বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ এটা বিশেষ অভিযানকাৰী দলে আকস্মিক অভিযান চলায় মেঘালয়ৰ জিৰাঙৰ দিশৰ পৰা এখন নম্বৰপ্লেট বিহীন ট্ৰাকত চোৰাংকৈ মূল্যবান কাঠৰ কুণ্ডা আনি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত ট্ৰাকখনৰ চালকজনক অভিযানকাৰী দলেগ্ৰেপ্তাৰ কৰিছে। বন বিভাগৰ অভিযানকাৰী দলে সন্দেহ কৰা মতে কুণ্ডা ভৰ্ত্তি ট্ৰাকখন ৰাণীৰ পৰা কিছু নিলগত থকা দক্ষিণ কামৰূপৰ পলাশবাৰী বা মিৰ্জা অঞ্চলত থকা কোনো কাঠ ফলা মিললৈ নিয়াৰ সম্ভাৱনা আছিল।
ৰাণী অঞ্চলৰ ৰাইজে অভিযোগ কৰা মতে অসমৰ ভিতৰতে বনজ সম্পদৰে ভৰপূৰ ৰাণী অঞ্চলৰ প্ৰতি বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষই সদায় মাহীআইৰ দৃষ্টি গ্ৰহণ কৰি আহিছে । আনকি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাণীৰ পূৰ্বৰ বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ গোস্বামী সহকাৰী বন সংৰক্ষক হিচাপে পদোন্নতি লাভ কৰি বদলি হৈ যোৱাৰ পাছতো আজি আঠ মাহ পাৰ হোৱাৰ পাছতো উৰ্দ্ধতম কৰ্তৃপক্ষই ৰাণীত পূৰ্ণ পৰ্যায়ৰ আঞ্চলিক বন বিষয়া নিযুক্তি দিয়া নাই। তাৰ সলনি নাথ উপাধিৰ ডেপুটী ৰেঞ্জাৰজনক অস্থায়ীভাৱে আঞ্চলিক বন বিষয়া হিচাপে দায়িত্বভাৰ চলাই যাবলৈ নিৰ্দেশনা দিছে। কিন্তু ৰাইজৰ অভিযোগ অনুসৰি নাথ উপাধিৰ বন বিষয়া জনৰ অবহেলা আৰু দায়িত্বহীনতাৰ বাবে ৰাণী অঞ্চলত বিগত সময়চোৱাত বৃদ্ধি পাইছে চোৰাং বেপাৰীৰ দৌৰাত্ম। যাৰ বাবে পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অই ৰাইজৰ অভিযোগৰ ভিত্তিত বিশেষ অভিযানকাৰী দল প্ৰেৰণ কৰি ৰাণীত কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰিবলগীয়া হয়। ইফালে গ্ৰেপ্তাৰ কৰা চালকজনৰ বিৰুদ্ধে এটা বিভাগীয় গোচৰ ৰজু কৰি পাছত কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে।