ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিট এন চি চিৰ উদ্যোগত মঙলবাৰে দিছপুৰ মহাবিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পৰিবেশ সংৰক্ষণ বিষয়ক অনুষ্ঠিত এখন আলোচনা চক্ৰত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা জনোৱা হয় । আনহাতে NCCৰ গুৱাহাটী গ্ৰুপৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰৰ আৰম্ভনিতে উপস্থিত সকলোকে আদৰণি জনায় ৪৮ আসাম নেভেল ইউনিট NCC ৰ কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেয়ে। অনুষ্ঠানত NCCৰ উত্তৰ পূব মণ্ডলৰ উপ সঞ্চালক প্ৰধান ব্ৰিগ্ৰেডিয়াৰ আৰ পি পাণ্ড , গুৱাহাটী গ্ৰুপৰ ভাৰপ্ৰাপ্ত গ্ৰুপ কমাণ্ডাৰ কৰ্ণেল এছ ৰমেশকে ধৰি NCCৰ গুৱাহাটীস্থিত সকলো ইউনিটৰ কমাণ্ডিং অফিচাৰ, উপস্থিত থাকে। তেনেদৰে আলোচনা চক্ৰত গুৱাহাটীৰ ১১ খন মহাবিদ্যালয়ৰ প্ৰায় ৫০০ জন কেডেটে ভাগ লয়। আলোচনা চক্ৰত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে পৰিৱেশ সংৰক্ষণত গছ- গছনিৰ ভূমিকাৰ ওপৰত বিশদ ব্যাখ্যা দাঙি ধৰি বিশ্বক বসবাসৰ উপযোগী কৰি ৰাখিবলৈ হলে ব্যাপক হাৰত গছ ৰোপণৰ বিকল্প নাই বুলি ব্যক্ত কৰে। আলোচনা চক্ৰত বিশিষ্ট লেখক মযুৰ বৰাই ভাগ লৈ গোলকীয় উত্তাপ বৃদ্ধিৰ লগতে ইয়াৰ কাৰণ সমূহৰ ওপৰত বাখ্যা আগবঢ়ায়।