শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই। কিছুদিন অসুস্থ হৈ আছিল শৰ্মা।
দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ। শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ। জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত শোকপ্ৰকাশ কৰি কয়- ‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে মৰ্মাহত কৰিছে। এগৰাকী দক্ষ প্ৰশাসক হিচাপে কলাক্ষেত্ৰৰ উত্তৰণত শৰ্মা ডাঙৰীয়াৰ অপৰিসীম ভূমিকা আছিল। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ’।