নিউজ ডেস্কঃ মানকাচৰত ভাৰতীয় জনতা পাৰ্টিৰ জন সম্পৰ্ক অভিযান কাৰ্যসূচী সম্পন্ন।
মানকাচৰ সমষ্টিৰ সাদুল্ল্যাবাড়ীত প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলামৰ উপস্থিতিত বিজেপিয়ে জন সম্পৰ্ক অভিযানৰ আৰম্ভণি কৰে ।
এই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালোচনা কৰে আমিনুল ইছলামে ।
প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে দালালি কৰি আছে এ আই ইউ ডি এফে ।
মাটি আৱণ্টনৰ নামত দৰিদ্ৰ লোকক ঠগি অন্য লোকক সুবিধা প্ৰদান কৰিছে এ আই ইউ ডি এফে ।
মানকাচৰৰ পূৰ্বাঞ্চলৰ বহুতো উন্নয়নমূলক কাম ইতিমধ্যেই আমিনুল ইছলামৰ কাৰ্যকালত সম্পন্ন হৈছে বুলিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ সভাপতি জাহাংগীৰ আলম মণ্ডল, জিলা বিজেপিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন পৰ্যায়ৰ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে এই অভিযান কাৰ্যসূচীত ।