অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অলক কুমাৰ ঘোষৰ মনোনয়ন পত্ৰ বাতিল ৷
নথি-পত্ৰৰ বিসংগতিৰ বাবে তিতাবৰৰ নিৰ্বাচনী বিষয়াই নাকচ কৰে মনোনয়ন ৷
১০১ নং মৰিয়নী বিধান সভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছিল প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে ৷
উল্লেখ্য, অলক কুমাৰ ঘোষে পূৰ্বে তৃণমূল কংগ্ৰেছ আৰু NCP দলৰ পৰাও মৰিয়নীত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷
শেহতীয়াকৈ বিজেপিৰ ভাষীক সংখ্যালঘু পৰিষদৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল অলক কুমাৰ ঘোষে ৷
তেওঁ বিজেপিৰ প্ৰাৰ্থীত্বপ্ৰত্যাশী আছিল ।
কিন্তু দলে তেওঁক টিকট নিদিয়াত পুনৰ দল সলনি কৰি অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়িছিল ৷