গুৱাহাটী পৌৰ নিগমৰ ৫৯ ৱাৰ্ডৰ বৰবাৰী অঞ্চলটোত বাস কৰা সাধাৰণ ৰাইজক চিকিৎসা সেৱাৰ নিম্নতম সুবিধা দিয়াৰ লক্ষ্যৰে ৱাৰ্ডটোৰ পৰিষদ অসীম শইকীয়াৰ তৎপৰতাত আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত এটা উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰা হৈছে । আজি এক মাংগলিক কাৰ্যৰ মাজেৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া উপ স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰা হয়। এই উপলক্ষে স্বাস্থ্য বিভাগৰ কেইবাজনো বিষয়া, গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ দিছপুৰ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকা, পাৰিষদ অসীম শইকীয়াৰ লগতে বহু সংখ্যক ৰাইজৰ উপস্থিতিত উপ স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । উপস্থিত থাকি এনেধৰণৰ মহৎ কামৰ বাবে শলাগ লয়।
অনুষ্ঠানটোত চমু ভাষণত মেয়ৰ মৃগেন শৰণীয়াই উপ স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজে সাধাৰণ স্বাস্থ্য সেৱা লাভ কৰাত বহুখিনী সহায়ক হব বুলি আশা ব্যক্ত কৰি কয় – ৰাইজৰ আশীৰ্বাদ আৰু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বৰ বাবেই গুৱাহাটী পৌৰ এলেকাত উন্নয়ন মূলক কাম কৰাত সহায়ক হৈছে।