অসম চৰকাৰৰ সমাজ কল্যাণ আৰু শিশু উন্নয়নৰ প্ৰকল্পৰ অধীনৰ পশ্চিম গুৱাহাটীৰ বিধানসভা সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ছাটাৰগাওঁ ,বাকাৰাপাৰা, নতুন বাতাবাৰী আৰু গনেশপাৰাত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত এটাকৈ মুঠ চাৰিটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে। ৯ ছেপ্টেম্বৰৰ দিনা মাংগলিক কাৰ্যৰ মাজেৰে আটাইকেইটা আদৰ্শ অংগনৱাগড়ী কেন্দ্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিধায়ক কলিতাই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ সমূহৰ জৰিয়তে যাতে প্ৰতিটো অঞ্চলৰে শিশু সকলে পুষ্টিকৰ খাদ্যৰ পৰা আৰম্ভ কৰি যাবতীয় শিক্ষা লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দায়িত্ববাহী বিষয়া – কৰ্মচাৰী সকলক চকু ৰাখিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰিনু দেউৰী, সংহত শিশু উন্নয়ন বিষয়া অংকিতা পুৰাকায়স্থ, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন, অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা, ৰাণী জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, কাঁহিকুছি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপ নেতা পৰেশ বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোক, অংগনৱাড়ী কেন্দ্ৰ সমূহৰ কৰ্মী আৰু সহায়িকা সকল উপস্থিত আছিল। উল্লেখ্য যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আগভাগ লৈ শিশু সকলৰ সহায়ক হোৱাকৈ বিগত সময়চোৱাত পশ্চিম গুৱাহাটীৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ প্ৰতিটো অঞ্চলতে নতুন অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে পূৰ্বৰ পুৰণি কেন্দ্ৰসমুহো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰা কাম আৰম্ভ কৰিছে।