চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন দাবী কৰি আৰক্ষীৰ জিম্মাত প্ৰৱঞ্চক ।
স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি টকা বিচাৰিছিল প্ৰৱঞ্চকে ।
সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে লোকজন ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে আটক কৰিছে প্ৰৱঞ্চক মহেন্দ্ৰ পালক ।
প্ৰাৰ্থীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি এজাহাৰ দাখিল কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ।
৬ ফেব্ৰুৱাৰীত জামছেদপুৰৰ পৰা আাটক কৰিছে ঝাৰখণ্ডৰ মহেন্দ্ৰ পালক ।
মহেন্দ্ৰ পালৰ বিৰুদ্ধে যাৱতীয় প্ৰমাণ আছে বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য, স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)ৰ কেইবাটাও পদৰ বাবে চলিত বৰ্ষৰ ৩ জানুৱাৰী আৰু ১০ জানুৱাৰীত অনুষ্ঠিত হৈছিল পৰীক্ষা ।