গুৱাহাটী – গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ পূজাৰ দক্ষিণা নোপোৱাৰ অজুহাতত আইনৰ কাষ চাপিছে এগৰাকী পুৰোহিত ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা আৰু তেওঁৰ সহধৰ্মিণী, অসমৰ চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰী বিষয়া তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰো প্ৰাক্তন সচিব শাৰদী শইকীয়াৰ ঘৰত প্ৰতাৰিত অনুভৱ কৰি আইনৰ সহায় বিচাৰিছে এগৰাকী পুৰোহিতে ৷
অভিযোগ অনুসৰি যোৱা দুৰ্গা পূজাৰ সময়ত ড° ধ্ৰুবজ্যোতি বৰাৰ ঘৰত ব্যক্তিগতভাবে আয়োজিত হৈছিল এই পূজা । ষষ্ঠীৰ পৰা দেবীৰ বিদায়লৈ ড° বৰাৰ বাসগৃহত সকলো নীতি-নিয়মেৰ পূজা আগবঢ়াই নিছিল পুৰোহিত ভূপেন শৰ্মা আৰু তেওঁৰ দুই সহযোগী পুৰোহিতে । পূজাৰ শেষত ড° বৰাৰ পত্নী শাৰদী শইকীয়াই মাননী হিচাবে একৈশ হাজাৰ পাঁচশ টকাৰ এখন চেক প্ৰদান কৰে । পুৰোহিত তিনিগৰাকীয়ে চেক ল’বলৈ মান্তি হোৱা নাছিল যদিও নগদ টকা নাই বুলি কোৱাত অনিচ্ছা সত্বেও তেওঁলোকে চেক খন ল’বলৈ বাধ্য হয় ।
কিন্তু দুই নৱেম্বৰত জমা দিয়া চেকখনৰ একাউন্টত পৰ্যাপ্ত ধন নথকাত বাউন্স হৈছে বুলি বেংক কৰ্তৃপক্ষই পুৰোহিত ভূপেন শৰ্মাক জনায় । এই কথাই পুৰোহিত কেইজনক বিপাঙত পেলাই আৰু অভিযোগ অনুসৰি যোৱা প্ৰায় পোন্ধৰ দিন ধৰি তেওঁলোকে বাৰাম্বাৰ যোগাযোগ কৰিও সাহিত্যিক দম্পতীৰ পৰা কষ্টোপাৰ্জিত মাননী খিনি আদায় পোৱা নাই । এই ধনখিনি পোৱাৰ কোনো আশা নেদেখি বুধবাৰে পুৰোহিত ভূপেন শৰ্মাই আইনৰ সহায় লোৱাৰ সিদ্ধান্ত লৈ অধিবক্তাৰ ওচৰ চাপিছে ।